Powered by Blogger.

Report Abuse

About Me

Search This Blog

Blog Archive

Moro Eta Sapon Ase - মোৰো এটা সপোন আছে PDF Download

Add a review

Descriptions

Moro Eta Sapon Ase - মোৰো এটা সপোন আছে PDF Download

"Moro Eta Sapon Ase - মোৰো এটা সপোন আছে" গ্ৰন্থ খনৰ পৰিচয় -

এই গ্ৰন্থখনৰ লেখেক হৈছে ড° ৰুবুল মাউত। গ্ৰন্থখন তেখেতৰ অসমীয়া আত্মজীৱনী মূলক গ্ৰন্থ। অসম-অৰুণাচল সীমান্তৱৰ্তী তিনিচুকীয়া জিলাৰ কাকপথাৰৰ ওচৰৰ কৈলাসপুৰত এটি কৃষকৰ পৰিয়ালত ড° ৰুবুল মাউতৰ জন্ম হৈছিল। বৰ্তমান ড° ৰুবুল মাউত এগৰাকী অসমীয়া জীৱবিজ্ঞানী। ৱাশ্বিংটন বিশ্ববিদ্যালয়ৰ স্কুল অৱ মেডিচিনত গৱেষণাৰত গৱেষক বিজ্ঞানী তথা ফেল'। তেখেতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা 'জিন এডিটিং' ৰ বিষয়ত গৱেষণা কৰি ডক্টৰেট ডিগ্ৰী লাভ কৰে। 

মোৰো এটা সপোন আছে - Moro Eta Sapon Ase

ড° ৰুবুল মাউত দেৱৰ "মোৰো এটা সপোন আছে" গ্ৰন্থ

"মোৰো এটা সপোন আছে" এই গ্ৰন্থখনত ড° ৰুবুল মাউত তথা অসমীয়া জীৱবিজ্ঞানী গৰাকীয়ে তেখেতৰ শৈশৱ, সংগ্ৰাম, সুযোগ আৰু দেউতাৰ অসুখ এই  চাৰিটা খণ্ড তথা অধ্যায়ৰ জৰিয়তে কিতাপখনত নিজৰ জীৱন দাৰিদ্ৰতাৰ বিৰুদ্ধে সংগ্ৰামৰ স্মৃতি কথা বৰ্ণনা কৰিছে।

গ্ৰন্থখনত সন্নিৱিষ্ট হৈছে কঠোৰ সংগ্ৰামেৰে পাৰ কৰা লেখকৰ শৈশৱ-কিশোৰ তথা জীৱনৰ ঘাত-প্ৰতিঘাত, আমেৰিকাত কৰা বৈজ্ঞানিক উদ্ভাৱন আৰু শৰ্য্যাগত পিতৃৰ সৈতে সম্পৰ্কিত এক সংবেদনশীল কাহিনী। 

গ্ৰন্থ খনত বিশেষকৈ লেখকৰ দাৰিদ্ৰতাৰ সীমা নেওঁচি আমেৰিকাৰ বিশ্ববিদ্যালয়লৈ যোৱাৰ কাহিনী। লেখক এনে এটা পৰিয়াল আৰু অঞ্চলত জন্ম হৈছিল য'ত মেট্ৰিকৰ দেওনা পাৰ হোৱা বৰ ডাঙৰ কথা। সৰুৰে পৰাই মেধাৱী ছাত্ৰ ৰুবুল মাউতে যিকোনো প্ৰকাৰে এই অৱস্থাৰ পৰিৱৰ্তন কৰি পৰিত্ৰাণ পাবলৈ যথেষ্ঠ পৰিশ্ৰম কৰিছিল আৰু জীৱনত বহুত সপোন দেখিছিল।

এঢাপ-এঢাপকৈ তেওঁ প্ৰতিটো সপোন পূৰণ কৰিলে আৰু সম্প্ৰতি আমেৰিকাৰ ৱাশ্বিংটন বিশ্ববিদ্যালয়ত গৱেষণাৰ জীন এডিটিংত উল্লেষনীয় সাফল্য লাভ কৰিবলৈ সক্ষম হ'ল। 

বিশ্বায়নৰ দ্ৰুত সম্প্ৰসাৰণ তথা চমকপ্ৰদ কাৰিকৰী উন্নতিয়ে অসমৰ সকলোবোৰ গাওঁ ভূই সকলোকে চুব পৰা নাই এতিয়াও বিজুলী যোগান, ৰাস্তা-ঘাট আৰু দাৰিদ্ৰতা। এনে এখন গাঁৱৰ দাৰিদ্ৰতাক ঠেলি-হেচুকি লেখকে কেনেকৈ নিজকে শিক্ষা-দীক্ষাৰে প্ৰতিষ্ঠিত কৰি তুলিলে, তাৰেই অভিজ্ঞতাৰ বৰ্ণনা হৈছে গ্ৰন্থখনৰ মূল আধাৰ। 

তেনে দাৰিদ্ৰতা আৰু কোনো সুবিধা নথকা গাওঁৰ পৰা বহুতো মানুহে সংগ্ৰাম কৰি ওলাই আহি নিজকে সুখ্যাতিৰে প্ৰতিষ্ঠিত কৰিছে যদিও নিজৰ উস্খানৰ কাহিনী ইমান পষ্টকৈ অসমীয়া ভাষাত প্ৰকাশ কৰাৰ প্ৰয়াস কৰা নাই। ই এক বিশেষ দক্ষতা। 

আচলতে অধিকাংশ লোকেই সপোন, আশাবোৰহে মনৰ মাজত লৈ ফুৰে কিন্তু সেই সপোনে দাবী কৰা সাধনা খুব কম লোকেইহে কৰে। দৰিদ্ৰতাৰ কৰাল গ্ৰাসৰ পৰা মুক্ত হ'বলৈ সপোন দেখি থকা সকলোকে বিশেষকৈ নৱপ্ৰজন্মক গ্ৰন্থ খনে কিছু মনোবল আগবঢ়াব পাৰিব বুলি আমাৰ অনুভৱ হয়। 

গ্ৰন্থখনত আছে জীৱনত আগুৱাই যোৱাৰ সংগ্ৰাম। জয়ী হোৱাৰ কৌশল হৈছে কেতিয়াও হাৰ নমনাৰ মনোবৃত্তি আৰু আশাসুধীয়া নেৰা-নেপেৰা প্ৰচেষ্টা।

অসমীয়া কিতাপ "মোৰো এটা সপোন আছে"

আৰম্ভণিতে তথা প্ৰথম খণ্ডত, তেওঁৰ বংশ পৰিচয় আৰু লগতে মাউত উপাধি কেনেকৈ পালে তাৰ বৰ্ণনা দিছে। বাঁহেৰে সঁজা চাঙ সাদৃশ্য পঢ়া টেবুল খনৰ চিত্ৰ ধৰি অতি দাৰিদ্ৰতাৰ মাজেদি প্ৰাথমিক স্কুলৰ পৰা মেট্ৰিক পাছ কৰালৈকে বৰ্ণনা সন্নিৱিষ্ট কৰিছে। তেওঁ মেট্ৰিক পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা প্ৰথম জন পৰিয়াল তথা তেওঁ বাস কৰা সেই অঞ্চলত। তেওঁৰ পৰিয়ালৰ কোনো সদস্যই তেতিয়ালৈকে মেট্ৰিকৰ দেওনা পাৰ হোৱা নাছিল। 

দ্বিতীয় খণ্ডত, লেখক ড° ৰুবল মাউত দেৱে তেওঁৰ সংগ্ৰামৰ বৰ্ণনা কৰিছে উচ্চতৰ মাধ্যমিক পঢ়িবলৈ যোৱাৰ আৰম্ভণিৰ পৰা বিজ্ঞানী হিচাপে যোগদান কৰি কাৰ্যকাল আৰম্ভ কৰালৈকে। 

তৃতীয় খণ্ডত, লেখকে টাটাৰ প্ৰতিষ্ঠানটোৰ বিজ্ঞানী হৈ থাকোঁতে হোৱা অভিজ্ঞতা, প্ৰশিক্ষণৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰলৈ যাবলৈ পোৱা সুযোগ আৰু পিছলৈ PhD ৰ বাবে সুযোগ পালে তাৰেই বিৱৰণ দাঙি ধৰিছে। 

চতুৰ্থ খণ্ডত, লেখকে আমেৰিকাত মানৱ কোষৰ ক্ৰটিপূৰ্ণ জিন সম্পাদনাৰ যোগেদি মানৱ সভ্যতাৰ পৰা নিৰ্মূল কৰাৰ সংকল্পৰে গৱেষণা কৰি থকাৰ সময়তে, তেখেতৰ দেউতাকে আকোঁৱালি লয় এক দুৰাৰোগ্য জেনেটিক ৰোগ পাৰকিনচৰ আৰু সেই বেমাৰৰ ফলস্বৰূপে দেউতাকৰ মৃত্যুৰ বৰ্ণনা। কাকতলীয়া বাবে দেউতাকৰ অসুখটো আছিল লেখকৰ গৱেষণাৰ বিষয়ৰ সতে একে।    

লেখেকৰ এই "মোৰো এটা সপোন আছে" গ্ৰন্থখনৰ প্ৰকাশক পূৰ্বায়ণ প্ৰকাশন। গ্ৰন্থখনৰ মুঠ পৃষ্ঠাৰ সংখ্যা ১৫৭। গ্ৰন্থ তথা কিতাপখন অনলাইনত সংগ্ৰহ কৰিবলৈ তলৰ ডাউনলোড বুটামত ক্লি'ক কৰক।

                   

Similar Products

1130636702021255194

Add a review